ছূৰা 11 · জুজ 12

Hud · 11:29

وَيَا قَوْمِ لَا أَسْأَلُكُمْ عَلَيْهِ مَالًا ۖ إِنْ أَجْرِيَ إِلَّا عَلَى اللَّهِ ۚ وَمَا أَنَا بِطَارِدِ الَّذِينَ آمَنُوا ۚ إِنَّهُمْ مُلَاقُو رَبِّهِمْ وَلَٰكِنِّي أَرَاكُمْ قَوْمًا تَجْهَلُونَ

‘হে মোৰ সম্প্ৰদায়! ইয়াৰ পৰিবৰ্তে মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰো। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোক নিশ্চিতভাৱে নিজ প্ৰতিপালকক সাক্ষাত কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক এটা অজ্ঞ সম্প্ৰদায়’।

তাফছীৰ

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! এই বাৰ্তা পৌঁচাই দিবলৈ মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰো, মোক প্ৰতিফল দিয়াৰ দায়িত্ব কেৱল আল্লাহৰ ওচৰত। আনহাতে মই মোৰ বৈঠকৰ পৰা দৰিদ্ৰ লোকসকলকো বিৰত ৰাখিব নোৱাৰিম, যিসকলক বিৰত ৰাখিবলৈ তোমালোকে দাবী কৰি আছা। নিশ্চয় তেওঁলোকে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু তেওঁ তেওঁলোকক তেওঁলোকৰ ঈমানৰ প্ৰতিফল প্ৰদান কৰিব। কিন্তু মই যি দেখিছো তোমালোক দাৱাতৰ বাস্তৱিকতাৰ পৰা অনভিজ্ঞ, সেই কাৰণেই তোমালোকে দুৰ্বল মুমিনসকলক খেদি পঠিওৱাৰ দাবী কৰি আছা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক