ছূৰা 11 · জুজ 12

Hud · 11:120

وَكُلًّا نَقُصُّ عَلَيْكَ مِنْ أَنْبَاءِ الرُّسُلِ مَا نُثَبِّتُ بِهِ فُؤَادَكَ ۚ وَجَاءَكَ فِي هَٰذِهِ الْحَقُّ وَمَوْعِظَةٌ وَذِكْرَىٰ لِلْمُؤْمِنِينَ

আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছো, যাৰ দ্বাৰা আমি তোমাৰ মনক দৃঢ় কৰো, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰত আহিছে উপদেশ আৰু স্মৰণ।

তাফছীৰ

হে ৰাছুল! আপোনাৰ পূৰ্বে অহা নবীসকলৰ যি বৰ্ণনা আমি আপোনাক শুনাও, ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে যাতে ইয়াৰ দ্বাৰা আপোনাৰ হৃদয় সুদৃঢ় থাকে আৰু শক্তিশালী হয়। এই ছুৰাত আপোনাৰ বাবে সত্য আহি পৰিছে, য’ত কোনো সন্দেহ নাই। লগতে ইয়াত আপোনাৰ ওচৰত আহিছে কাফিৰসকলৰ বাবে উপদেশ। আৰু মুমিনসকলৰ বাবে স্মৰণ, যিসকলে ইয়াৰ দ্বাৰা উপকৃত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক