ছূৰা 11 · জুজ 12
Hud · 11:119
إِلَّا مَنْ رَحِمَ رَبُّكَ ۚ وَلِذَٰلِكَ خَلَقَهُمْ ۗ وَتَمَّتْ كَلِمَةُ رَبِّكَ لَأَمْلَأَنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ أَجْمَعِينَ
কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে কাৰণ তেওঁ তেওঁলোকক এই বাবেই সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতিপালকৰ এই কথা চূড়ান্ত হৈছে যে, ‘আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম অৱশ্যে পূৰ্ণ কৰিম’।
তাফছীৰ
কিন্তু যিসকলক আল্লাহে হিদায়তৰ তাওফীক প্ৰদান কৰি তেওঁলোকৰ প্ৰতি দয়া কৰে (তেওঁলোকৰ কথা সুকীয়া)। কাৰণ তেওঁলোকে তাওহীদৰ ক্ষেত্ৰত মতভেদ নকৰে। এনেকুৱা মতভেদৰ জৰিয়তে পৰীক্ষা কৰাৰ কাৰণে আল্লাহে সিহঁতক সৃষ্টি কৰিছে। সিহঁতৰ মাজত কিছুমান আছে দুৰ্ভগীয়া আৰু কিছুমান আছে সৌভাগ্যশালী। হে ৰাছুল! আল্লাহৰ বাণী সম্পূৰ্ণ হ'ল, যিটোৰ নিৰ্ণয় তেওঁ অনাদিকালতে লৈ থৈছিল যে, তেওঁ জাহান্নামক চয়তানৰ অনুসাৰী জিন আৰু মানুহৰ দ্বাৰা পূৰণ কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক