ছূৰা 11 · জুজ 12
Hud · 11:118
وَلَوْ شَاءَ رَبُّكَ لَجَعَلَ النَّاسَ أُمَّةً وَاحِدَةً ۖ وَلَا يَزَالُونَ مُخْتَلِفِينَ
আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা জাতি কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁত মতবিৰোধকাৰীহে হৈ থাকিল,
তাফছীৰ
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকে এটা দলৰ অন্তৰ্ভুক্ত কৰি সত্যৰ পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এনেকুৱা ইচ্ছা পোষণ কৰা নাই। কাৰণ সিহঁত প্ৰবৃত্তিৰ অনুসৰণ কৰাৰ বাবে আৰু বিদ্ৰোহৰ ফলত সদায় মতভেদ সৃষ্টি কৰি থাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক