ছূৰা 11 · জুজ 12

Hud · 11:117

وَمَا كَانَ رَبُّكَ لِيُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا مُصْلِحُونَ

আৰু তোমাৰ ৰব এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদ ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল সংশোধনকাৰী।

তাফছীৰ

হে ৰাছুল! এনেকুৱা কেতিয়াও হব নোৱাৰে যে, কোনো জনপদৰ মানুহে গঠনমূলক তথা সংশোধনমূলক কাম কৰি আছে, তথাপিও আপোনাৰ প্ৰতিপালকে তেওঁলোকক ধ্বংস কৰিব। বৰং তেওঁ সিহঁতক তেতিয়াহে ধ্বংস কৰে যেতিয়া তাৰ অধিবাসীসকলে কুফৰ, অন্যায়-অত্যাচাৰ আৰু গুনাহৰ দ্বাৰা পৰিবেশ কলুষিত কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক