ছূৰা 11 · জুজ 12
Hud · 11:116
فَلَوْلَا كَانَ مِنَ الْقُرُونِ مِنْ قَبْلِكُمْ أُولُو بَقِيَّةٍ يَنْهَوْنَ عَنِ الْفَسَادِ فِي الْأَرْضِ إِلَّا قَلِيلًا مِمَّنْ أَنْجَيْنَا مِنْهُمْ ۗ وَاتَّبَعَ الَّذِينَ ظَلَمُوا مَا أُتْرِفُوا فِيهِ وَكَانُوا مُجْرِمِينَ
এতেকে তোমালোকৰ পূৰ্বৰ প্ৰজন্মসমূহৰ মাজত এনেকুৱা প্ৰজ্ঞাবান কিয় হোৱা নাই, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টিৰ পৰা নিষেধ কৰিলে হয়? কিছুসংখ্যকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা নাজাত দিছিলো। আৰু যিসকলে অন্যায় কৰিছিল সিহঁত বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।
তাফছীৰ
বিগত সম্প্ৰদায়সমূহ যিসকলক শাস্তিৰ দ্বাৰা ধ্বংস কৰা হৈছে সিহঁতৰ মাজত সদাচাৰী তথা নেক লোকৰ উপস্থিতি পোৱা নগল কিয়, যিসকলে সিহঁতক কুফৰ আৰু গুনাহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ পৰা বিৰত ৰাখিলেহেঁতেন। কিন্তু সিহঁতৰ মাজত তেনেকুৱা লোকৰ উপস্থিতি নাছিল, কেৱল আঙুলিত গণিব পাৰা কেইজনমান লোক আছিল যিসকলে বিপৰ্যয় সৃষ্টিৰ পৰা মানুহক নিষেধ কৰিছিল। সেয়ে অন্যায়কাৰীসকলক ধ্বংস কৰাৰ সময়ত আমি সেইকেইজন লোকক ৰক্ষা কৰিছিলো। ইপিনে তেওঁলোকৰ সম্প্ৰদায়ৰ অন্যায়কাৰী লোকসকলে বিলাসিতাত মত্ত হৈ আছিল। ফলত সিহঁত অন্যায়কাৰীত পৰিণত হ'ল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক