ছূৰা 11 · জুজ 12

Hud · 11:115

وَاصْبِرْ فَإِنَّ اللَّهَ لَا يُضِيعُ أَجْرَ الْمُحْسِنِينَ

আৰু তুমি ধৈৰ্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহ ইহছানকাৰীসকলৰ প্ৰতিদান বিনষ্ট নকৰে।

তাফছীৰ

আপোনাক পোন পথত অবিচল থকাৰ যি আদেশ দিয়া হৈছে আৰু বিদ্ৰোহী তথা অন্যায়কাৰীসকলৰ প্ৰতি নত হোৱাৰ পৰা যি নিষেধাজ্ঞা দিয়া হৈছে তাৰ প্ৰতি ধৈৰ্য সহকাৰে আমল কৰক। নিশ্চয় আল্লাহ পূণ্যৱান লোকসকলৰ প্ৰতিফল ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ নেক আমলসমূহ কবূল কৰে আৰু তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উত্তম প্ৰতিদান দিয়ে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক