ছূৰা 11 · জুজ 12

Hud · 11:114

وَأَقِمِ الصَّلَاةَ طَرَفَيِ النَّهَارِ وَزُلَفًا مِنَ اللَّيْلِ ۚ إِنَّ الْحَسَنَاتِ يُذْهِبْنَ السَّيِّئَاتِ ۚ ذَٰلِكَ ذِكْرَىٰ لِلذَّاكِرِينَ

আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।

তাফছীৰ

হে ৰাছুল! আপুনি দিনৰ দুয়ো প্ৰান্তভাগত অৰ্থাৎ পুৱা আৰু সন্ধিয়া উত্তমৰূপে ছালাত প্ৰতিষ্ঠা কৰক। লগতে ৰাতিৰো এটা অংশত ছালাত আদায় কৰক। নিশ্চয় নেক কৰ্মই সৰু সুৰা গুনাহসমূহ মোচন কৰে। উপৰোক্ত কথাবোৰ উপদেশ গ্ৰহণকাৰী লোকৰ বাবে হৈছে উপদেশ আৰু শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে হৈছে শিক্ষা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক