ছূৰা 11 · জুজ 12
Hud · 11:113
وَلَا تَرْكَنُوا إِلَى الَّذِينَ ظَلَمُوا فَتَمَسَّكُمُ النَّارُ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ أَوْلِيَاءَ ثُمَّ لَا تُنْصَرُونَ
আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।
তাফছীৰ
অন্যায়কাৰী কাফিৰসকলৰ লগত মন জয় কৰা কথা কৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত নহ'বা, অন্যথা এই নত স্বীকাৰ কৰাৰ কাৰণে তোমালোকক জুয়ে স্পৰ্শ কৰিব। আনহাতে আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই যে তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব। লগতে তোমালোকে কোনো সহায়কাৰীও বিচাৰি নাপাবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক