ছূৰা 11 · জুজ 12

Hud · 11:112

فَاسْتَقِمْ كَمَا أُمِرْتَ وَمَنْ تَابَ مَعَكَ وَلَا تَطْغَوْا ۚ إِنَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ

এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।

তাফছীৰ

হে ৰাছুল! পোন পথত পৰিচালিত থকাৰ স্বভাৱক খামুচি ধৰক, যেনেকৈ আল্লাহে আপোনাক আদেশ দিছে। এতেকে তেওঁৰ আদেশ পালন কৰক আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকক। এইদৰে আপোনাৰ সৈতে তাওবা কৰা মুমিনসকলেও পোন পথত অবিচল থকা উচিত। আৰু (হে মুমিনসকল) গুনাহত লিপ্ত হৈ সীমালঙ্ঘন নকৰিবা। নিশ্চয় তেওঁ তোমালোকৰ কৰ্মসমূহ দেখি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু অচিৰেই তেওঁ ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক