ছূৰা 11 · জুজ 12

Hud · 11:109

فَلَا تَكُ فِي مِرْيَةٍ مِمَّا يَعْبُدُ هَٰؤُلَاءِ ۚ مَا يَعْبُدُونَ إِلَّا كَمَا يَعْبُدُ آبَاؤُهُمْ مِنْ قَبْلُ ۚ وَإِنَّا لَمُوَفُّوهُمْ نَصِيبَهُمْ غَيْرَ مَنْقُوصٍ

এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে সংশয়ত নপৰিবা, আগতে সিহঁতৰ পিতৃ-পুৰুষসকলে যেনেকৈ ইবাদত কৰিছিল সিহঁতেও সেইদৰেই ইবাদত কৰে। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰো।

তাফছীৰ

হে ৰাছুল! মুশ্বৰিকসকলে যিবোৰৰ উপাসনা কৰি আছে, সেইবোৰৰ ক্ষতি সম্পৰ্কে আপুনি সন্দেহ পোষণ নকৰিব। সিহঁতে যি কৰি আছে তাৰ সপক্ষে সিহঁতৰ ওচৰত কোনো বৌদ্ধিক প্ৰমাণো নাই আৰু কোনো ধাৰ্মিক প্ৰমাণো নাই। বৰং আল্লাহৰ বাহিৰে আনৰ বাবে সিহঁতে কৰা ইবাদতৰ একমাত্ৰ কাৰণটো হৈছে পিতৃ-পুৰুষসকলৰ অন্ধানুসৰণ। নিশ্চয় আমি সিহঁতক সিহঁতৰ শাস্তিৰ ভাগ পৰিপূৰ্ণৰূপে প্ৰদান কৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক