ছূৰা 11 · জুজ 12

Hud · 11:110

وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ فَاخْتُلِفَ فِيهِ ۚ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَقُضِيَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ

আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলো, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লেহেঁতেন। নিশ্চয় সিহঁত এই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।

তাফছীৰ

নিশ্চয় আমি মুছা আলাইহিছ ছালামক তাওৰাত প্ৰদান কৰিছিলো, কিন্তু তাত মানুহে বিভেদ সৃষ্টি কৰিছিল। কিছুমানে তাৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। যদি আল্লাহৰ এয়া পূৰ্ব নিৰ্ধাৰণ নিৰ্ণয় নাথাকিলেহেঁতেন যে তেওঁ শীঘ্ৰে শাস্তি প্ৰদান নকৰিব, বৰং প্ৰজ্ঞানুসাৰে ক্বিয়ামত পৰ্যন্ত অৱকাশ দিব, অন্যথা পৃথিৱীতেই সিহঁতে সেই শাস্তি ভোগ কৰিলেহেঁতেন যি শাস্তিৰ সিহঁত উপযুক্ত। নিশ্চয় ইয়াহুদী আৰু মুশ্বৰিকসকলৰ মাজৰ কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক