ছূৰা 11 · জুজ 12

Hud · 11:108

۞ وَأَمَّا الَّذِينَ سُعِدُوا فَفِي الْجَنَّةِ خَالِدِينَ فِيهَا مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ إِلَّا مَا شَاءَ رَبُّكَ ۖ عَطَاءً غَيْرَ مَجْذُوذٍ

আৰু যিসকল সৌভাগ্যবান তেওঁলোক থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰষ্কাৰ।

তাফছীৰ

আনহাতে ভাগ্যৱান লোকসকল, যিসকলক তেওঁলোকৰ ঈমান আৰু সত্কৰ্মৰ কাৰণে আল্লাহে পূৰ্বেই সৌভাগ্যৱান বুলি ঘোষণা কৰিছে। তেওঁলোক জান্নাতত চিৰস্থায়ী হ'ব, যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী অৱশিষ্ট থাকিব। কিন্তু জান্নাতত প্ৰৱেশ কৰোৱাৰ আগতেই গুনাহগাৰ মুমিনসকলৰ মাজৰ যাক ইচ্ছা কৰিব জাহান্নামত প্ৰৱেশ কৰাব। নিশ্চয় জান্নাতৰ অধিবাসীসকলে লাভ কৰা আল্লাহৰ নিয়ামতসমূহ হ'ব নিৰবিচ্ছিন্ন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক