ছূৰা 11 · জুজ 12
Hud · 11:107
خَالِدِينَ فِيهَا مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ إِلَّا مَا شَاءَ رَبُّكَ ۚ إِنَّ رَبَّكَ فَعَّالٌ لِمَا يُرِيدُ
তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ ৰব সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।
তাফছীৰ
তাত সিহঁত চিৰকাল অৱস্থান কৰিব। তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী বিদ্যমান থাকিব। কিন্তু তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থকা গুনাহগাৰ ব্যক্তিক আল্লাহে ইচ্ছা কৰিলে ওলাই আনিব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক যি ইচ্ছা কৰে সেইটোৱে কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক