ছূৰা 11 · জুজ 12
Hud · 11:102
وَكَذَٰلِكَ أَخْذُ رَبِّكَ إِذَا أَخَذَ الْقُرَىٰ وَهِيَ ظَالِمَةٌ ۚ إِنَّ أَخْذَهُ أَلِيمٌ شَدِيدٌ
যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিশ্চয় তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।
তাফছীৰ
যিদৰে আল্লাহে বিগত অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শিপা নিৰ্মূল কৰিছে, ঠিক সেইদৰে যুগে যুগে ঠায়ে ঠায়ে আল্লাহে তেনেকুৱা শাস্তি প্ৰদান কৰিয়ে থাকিব। নিশ্চয় অন্যায়কাৰী জনপদৰ শাস্তি অতি কষ্টদায়ক তথা কঠিন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক