ছূৰা 11 · জুজ 12
Hud · 11:101
وَمَا ظَلَمْنَاهُمْ وَلَٰكِنْ ظَلَمُوا أَنْفُسَهُمْ ۖ فَمَا أَغْنَتْ عَنْهُمْ آلِهَتُهُمُ الَّتِي يَدْعُونَ مِنْ دُونِ اللَّهِ مِنْ شَيْءٍ لَمَّا جَاءَ أَمْرُ رَبِّكَ ۖ وَمَا زَادُوهُمْ غَيْرَ تَتْبِيبٍ
আৰু আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। তাৰ পিছত যেতিয়া তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ আহি পালে, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যি উপাস্যসমূহৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত নাহিল; আৰু সিহঁতে নিজৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।
তাফছীৰ
সিহঁতক ধ্বংস কৰি আমি সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই। বৰং সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজকে ধ্বংসৰ যোগ্য বনাই নিজেই নিজৰ অন্যায় কৰিছে। হে ৰাছুল! সিহঁতক ধ্বংস কৰিবলৈ আপোনাৰ প্ৰতিপালকৰ নিৰ্দেশ যেতিয়া আহিল, তেতিয়া আল্লাহক এৰি সিহঁতে উপাসনা কৰা উপাস্যবোৰ সিহঁতৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ একেবাৰে অসমৰ্থ পৰিলক্ষিত হ'ল। সিহঁতৰ সেই উপাস্যবোৰ কেৱল ক্ষতি আৰু ধ্বংসহে বৃদ্ধি কৰিলে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক