ছূৰা 11 · জুজ 12
Hud · 11:103
إِنَّ فِي ذَٰلِكَ لَآيَةً لِمَنْ خَافَ عَذَابَ الْآخِرَةِ ۚ ذَٰلِكَ يَوْمٌ مَجْمُوعٌ لَهُ النَّاسُ وَذَٰلِكَ يَوْمٌ مَشْهُودٌ
নিশ্চয় ইয়াত আছে তাৰ বাবে নিদৰ্শন যিয়ে আখিৰাতক ভয় কৰে। সেইটো এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইটো এনেকুৱা এটা দিন যিদিনা সকলোকে উপস্থিত কৰা হ’ব;
তাফছীৰ
নিশ্চয় আল্লাহৰ ফালৰ পৰা শাস্তি প্ৰদান কৰা সেই জনপদসমূহৰ ধ্বংসৰ মাজত আছে শিক্ষা তথা পাঠ, সেই ব্যক্তিৰ বাবে যিয়ে ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰে। সেইটোৱে সেইদিন যিদিনা আল্লাহে মানুহক একত্ৰিত কৰি হিচাপ-নিকাচৰ বাবে। সেইটো হৈছে উপস্থিত হোৱাৰ দিন, যিদিনা হাছৰ ময়দানত উপস্থিত হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক