ছূৰা 10 · জুজ 11
Yunus · 10:93
وَلَقَدْ بَوَّأْنَا بَنِي إِسْرَائِيلَ مُبَوَّأَ صِدْقٍ وَرَزَقْنَاهُمْ مِنَ الطَّيِّبَاتِ فَمَا اخْتَلَفُوا حَتَّىٰ جَاءَهُمُ الْعِلْمُ ۚ إِنَّ رَبَّكَ يَقْضِي بَيْنَهُمْ يَوْمَ الْقِيَامَةِ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ
আৰু অৱশ্যে আমি বনী ইছৰাঈলক উৎকৃষ্ট আবাস ভূমিত বসবাস কৰি দিছিলো আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলো, তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল। নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত কিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব।
তাফছীৰ
আৰু আমি বনী ইছৰাঈলক শ্বাম দেশৰ বৰকতময় ভূমিত এটা সুখ-দায়ক স্থান আৰু মনোমোহা, মনোৰম ভূমি প্ৰদান কৰিছিলো, আৰু তেওঁলোকক খাবলৈ হালাল তথা পৱিত্ৰ জীৱিকা দান কৰিছিলো। তেতিয়া তেওঁলোকে নিজৰ ধৰ্ম সম্পৰ্কে মতভেদ সৃষ্টি কৰা নাছিল। অৱশেষত যেতিয়া তেওঁলোকৰ ওচৰত কোৰআন আহিল, যিয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেইসমূহ বৈশিষ্ট্যৰ সমৰ্থন কৰে যিবোৰ তেওঁলোকে তাওৰাতত পঢ়িছিল। তেওঁলোকে যেতিয়া ইয়াক অস্বীকাৰ কৰিলে তেতিয়া তেওঁলোকৰ পৰা তেওঁলোকৰ দেশ কাঢ়ি লোৱা হ'ল। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ক্বিয়ামতৰ দিনা সিহঁতৰ মাজত যি বিষয়ে মতভেদ হৈছিল তাৰ মীমাংসা কৰিব। তাৰ পিছত তেওঁ সত্যবাদী আৰু অসত্যবাদীক নিজ নিজ যোগ্যতা অনুযায়ী প্ৰতিফল দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক