ছূৰা 10 · জুজ 11

Yunus · 10:94

فَإِنْ كُنْتَ فِي شَكٍّ مِمَّا أَنْزَلْنَا إِلَيْكَ فَاسْأَلِ الَّذِينَ يَقْرَءُونَ الْكِتَابَ مِنْ قَبْلِكَ ۚ لَقَدْ جَاءَكَ الْحَقُّ مِنْ رَبِّكَ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ

এতেকে আমি যি অৱতীৰ্ণ কৰিছো সেই বিষয়ে যদি তুমি সন্দেহ পোষণ কৰা তেন্তে তোমাৰ পূৰ্বৰ কিতাব যিসকলে পাঠ কৰে সিহঁতক সুধি লোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰত সত্য আহিছে। সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।

তাফছীৰ

হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা কোৰআনৰ বাস্তৱতা সম্পৰ্কে যদি আপুনি সংশয় তথা সন্দেহত আছে তেন্তে ঈমান পোষণ কৰা সেইসকল ইয়াহুদীক সুধি চাওক যিসকলে তাওৰাত অধ্যয়ন কৰে আৰু সেইসকল খৃষ্টানক সুধি চাওক যিসকলে ঈঞ্জীল পাঠ কৰে। তেওঁলোকে আপোনাক অৱগত কৰাব যে, আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া সত্য। কিয়নো তেওঁলোকৰ কিতাপত ইয়াৰ বৈশিষ্ট্য বৰ্ণনা হৈছে। প্ৰকৃততে আপোনাৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য আহি পাইছে, যাৰ মাজত কোনো সন্দেহ নাই। এতেকে আপুনি কেতিয়া সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক