ছূৰা 10 · জুজ 11
Yunus · 10:92
فَالْيَوْمَ نُنَجِّيكَ بِبَدَنِكَ لِتَكُونَ لِمَنْ خَلْفَكَ آيَةً ۚ وَإِنَّ كَثِيرًا مِنَ النَّاسِ عَنْ آيَاتِنَا لَغَافِلُونَ
‘এতেকে আজি আমি তোমাৰ শৰীৰটো ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’।
তাফছীৰ
হে ফিৰআউন! আজি মই তোমাক সাগৰৰ পৰা উঠাই আনিম, আৰু এডোখৰ ওখ স্থানত থৈ দিম, যাতে তোমাৰ পিছত অহা লোকসকলে তোমাক দেখি শিক্ষা লাভ কৰে। দৰাচলতে অধিকাংশ মানুহ আমাৰ ক্ষমতাৰ প্ৰমাণ আৰু যুক্তি সম্পৰ্কে উদাসীন। সেই সম্পৰ্কে চিন্তা-চৰ্চা নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক