ছূৰা 10 · জুজ 11
Yunus · 10:91
آلْآنَ وَقَدْ عَصَيْتَ قَبْلُ وَكُنْتَ مِنَ الْمُفْسِدِينَ
এতিয়া! অথচ ইয়াৰ পূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰী সকলৰ অন্তৰ্ভুক্ত আছিলা।
তাফছীৰ
জীৱনৰ পৰা নিৰাশ হোৱাৰ পিছত এতিয়া ঈমান আনিছা? অথচ হে ফিৰআউন! আল্লাহৰ শাস্তি অৱতীৰ্ণ হোৱাৰ পূৰ্বে তাক অস্বীকাৰ কৰিছিলা, আৰু তেওঁৰ পথৰ পৰা মানুহক বিৰত ৰাখি আল্লাহৰ অবাধ্যতা কৰিছিলা, আৰু তুমি বিপৰ্যয় সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্তি আছিলা। কাৰণ তুমি নিজেই পথভ্ৰষ্ট আছিলা আৰু আনকো পথভ্ৰষ্ট কৰিছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক