ছূৰা 10 · জুজ 11

Yunus · 10:90

۞ وَجَاوَزْنَا بِبَنِي إِسْرَائِيلَ الْبَحْرَ فَأَتْبَعَهُمْ فِرْعَوْنُ وَجُنُودُهُ بَغْيًا وَعَدْوًا ۖ حَتَّىٰ إِذَا أَدْرَكَهُ الْغَرَقُ قَالَ آمَنْتُ أَنَّهُ لَا إِلَٰهَ إِلَّا الَّذِي آمَنَتْ بِهِ بَنُو إِسْرَائِيلَ وَأَنَا مِنَ الْمُسْلِمِينَ

আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালো। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু সীমালংঘন কৰি তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলো যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাইলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।

তাফছীৰ

আৰু আমি সাগৰক দুভাগ কৰি বনী ইছৰাঈলৰ বাবে সাগৰ পাৰ কৰা সহজ কৰি দিছিলো, আনকি তেওঁলোক অতি সহজে সুৰক্ষিত অৱস্থাত সাগৰ পাৰ কৰিছিল। তথাপিও ফিৰআউন আৰু তাৰ সেনাবাহিনীয়ে অন্যায় অত্যাচাৰত লিপ্ত হৈ তেওঁলোকক চোঁচা ললে। কিন্তু যেতিয়া সাগৰৰ দুয়োভাগ মিলিত হ'ল আৰু সি ডুবিবলৈ ধৰিলে, আনকি তাৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় বিচাৰি নাপালে তেতিয়া সি ক'লেঃ মই ঈমান আনিলো, যাৰ বাহিৰে কোনো সত্য উপাস্য নাই, যি সত্ত্বাৰ প্ৰতি বনী ইছৰাঈলে ঈমান পোষণ কৰিছে। আৰু মই আল্লাহৰ আনুগত্যকাৰী বান্দাসকলৰ অন্তৰ্ভুক্ত হ'লো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক