ছূৰা 10 · জুজ 11
Yunus · 10:72
فَإِنْ تَوَلَّيْتُمْ فَمَا سَأَلْتُكُمْ مِنْ أَجْرٍ ۖ إِنْ أَجْرِيَ إِلَّا عَلَى اللَّهِ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُسْلِمِينَ
‘তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই, মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’বলৈ আদেশপ্ৰাপ্ত হৈছো’।
তাফছীৰ
যদি তোমালোকে মোৰ আহ্বানৰ পৰা বিমুখ হোৱা, তেন্তে তোমালোকেতো জানাই, মই মোৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক বিচৰা নাই। তোমালোকে মোৰ প্ৰতি ঈমান পোষণ কৰা বা নকৰা, মোৰ প্ৰতিদান একমাত্ৰ আল্লাহৰ অধীনত। আল্লাহে মোক আদেশ দিছে মই যেন তেওঁৰ ইবাদত কৰো আৰু সৎকৰ্মৰ জৰিয়তে তেওঁৰ আনুগত্য কৰোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক