ছূৰা 10 · জুজ 11

Yunus · 10:73

فَكَذَّبُوهُ فَنَجَّيْنَاهُ وَمَنْ مَعَهُ فِي الْفُلْكِ وَجَعَلْنَاهُمْ خَلَائِفَ وَأَغْرَقْنَا الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُنْذَرِينَ

অৱশেষত সিহঁতে তেওঁৰ প্ৰতি মিছা আৰোপ কৰিলে; ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল তেওঁলোকক নাজাত দিলো আৰু তেওঁলোকক স্থলাভিষিক্ত কৰিলো; আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিলো। গতিকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল?

তাফছীৰ

তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে, আৰু তেওঁক সমৰ্থন নকৰিলে। ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে নাৱঁত আৰোহণ কৰা মুমিনসকলক ৰক্ষা কৰিলো। আৰু তেওঁলোকক পূৰ্বৱৰ্তী লোকসকলৰ উত্তৰাধিকাৰী কৰি দিলো। আৰু যিসকলে তেওঁ লৈ অহা নিদৰ্শন আৰু প্ৰমাণবোৰক অস্বীকাৰ কৰিছিল, সিহঁতক আমি তুফানৰ জৰিয়তে ধ্বংস কৰিলো। এতেকে হে ৰাছুল! চিন্তা কৰকচোন, যিসকলক নূহ আলাইহিছ ছালামে সতৰ্ক কৰিছিল কিন্তু সিহঁতে ঈমান পোষণ কৰা নাছিল, সেইসকল লোকৰ অন্তিম পৰিণাম কেনেকুৱা আছিল?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক