ছূৰা 10 · জুজ 11

Yunus · 10:71

۞ وَاتْلُ عَلَيْهِمْ نَبَأَ نُوحٍ إِذْ قَالَ لِقَوْمِهِ يَا قَوْمِ إِنْ كَانَ كَبُرَ عَلَيْكُمْ مَقَامِي وَتَذْكِيرِي بِآيَاتِ اللَّهِ فَعَلَى اللَّهِ تَوَكَّلْتُ فَأَجْمِعُوا أَمْرَكُمْ وَشُرَكَاءَكُمْ ثُمَّ لَا يَكُنْ أَمْرُكُمْ عَلَيْكُمْ غُمَّةً ثُمَّ اقْضُوا إِلَيَّ وَلَا تُنْظِرُونِ

আৰু সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰা তোমালোকৰ ওচৰত যদি অসহ্য হয় তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰো। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰ পিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।

তাফছীৰ

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক নূহ আলাইহিছ ছালামৰ বিষয়ে শুনাওক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকৰ সন্মুখত থিয় হোৱাটো তোমালোকে যদি সহ্য কৰিব নোৱাৰা, আৰু আল্লাহৰ আয়াতৰ জৰিয়তে মই তোমালোকক দিয়া উপদেশ আৰু মোৰ বক্তব্য যদি তোমালোকৰ বাবে কষ্টকৰ হয়, তথা তোমালোকে যদি মোক হত্যা কৰাৰ সংকল্প লৈছাই তেন্তে শুনা! মই তোমালোকৰ চক্ৰান্তক ৰোধ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰিছো। এতেকে তোমালোকে নিজৰ বিষয়টো সুনিশ্চিত কৰা, আৰু মোক হত্যা কৰাৰ পূৰ্ণ প্ৰতিজ্ঞা লোৱা, তথা সহায়ৰ বাবে তোমালোকৰ সকলো উপাস্যক মাতি লোৱা। তাৰ পিছত তোমালোকৰ চক্ৰান্তক গোপন ৰহস্য কৰি নাৰাখিবা, আৰু মোক হত্যা কৰাৰ তোমালোকৰ যি পৰিকল্পনা আছে সেয়া বাস্তৱায়ন কৰা, আৰু মোক অকণো অৱকাশ নিদিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক