ছূৰা 10 · জুজ 11

Yunus · 10:70

مَتَاعٌ فِي الدُّنْيَا ثُمَّ إِلَيْنَا مَرْجِعُهُمْ ثُمَّ نُذِيقُهُمُ الْعَذَابَ الشَّدِيدَ بِمَا كَانُوا يَكْفُرُونَ

পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফৰী কৰিছিল।

তাফছীৰ

এতেকে সিহঁতে পৃথিৱীৰ সুখ সামগ্ৰী আৰু নিয়ামতৰ যি আনন্দ লৈ আছে, সেয়া যেন সিহঁতক প্ৰতাৰিত নকৰে। কিয়নো এয়া হৈছে নগণ্য ভোগসামগ্ৰী, যিবোৰ ধ্বংসশীল। তাৰ পিছত ক্বিয়ামতৰ দিনা আমাৰ ওচৰলৈকেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক আল্লাহৰ লগত কুফুৰী কৰাৰ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ কাৰণে কঠোৰ শাস্তিৰ সোৱাদ উপভোগ কৰাম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক