ছূৰা 10 · জুজ 11

Yunus · 10:60

وَمَا ظَنُّ الَّذِينَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ يَوْمَ الْقِيَامَةِ ۗ إِنَّ اللَّهَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ

আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, কিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।

তাফছীৰ

আল্লাহৰ প্ৰতি মিছা আৰোপকাৰী সকলে কি ভাৱে, ক্বিয়ামতৰ দিনা সিহঁতৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা হ'ব? সিহঁতে ভাৱে নেকি যে সিহঁতক ক্ষমা কৰি দিয়া হ'ব? এয়া বহুত দূৰৰ কথা। প্ৰকৃততে আল্লাহ বৰ দয়ালু, তেওঁ মানুহক অৱকাশ দিয়ে, আৰু সিহঁতক শাস্তি দিয়াৰ ক্ষেত্ৰত খৰধৰ নকৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে। সিহঁতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক