ছূৰা 10 · জুজ 11

Yunus · 10:61

وَمَا تَكُونُ فِي شَأْنٍ وَمَا تَتْلُو مِنْهُ مِنْ قُرْآنٍ وَلَا تَعْمَلُونَ مِنْ عَمَلٍ إِلَّا كُنَّا عَلَيْكُمْ شُهُودًا إِذْ تُفِيضُونَ فِيهِ ۚ وَمَا يَعْزُبُ عَنْ رَبِّكَ مِنْ مِثْقَالِ ذَرَّةٍ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ وَلَا أَصْغَرَ مِنْ ذَٰلِكَ وَلَا أَكْبَرَ إِلَّا فِي كِتَابٍ مُبِينٍ

আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকো, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈয়ো ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটো সুস্পষ্ট কিতাবত নাই।

তাফছীৰ

হে ৰাছুল! আপুনি যি কৰ্মতেই নাথাকক কিয় আৰু কোৰআনৰ পৰা যিখিনিয়ে তিলাৱত নকৰক কিয়, তথা হে মুমিনসকল! তোমালোকে যি কামেই নকৰা কিয়, মই তোমালোকক দেখোঁ, তোমালোকৰ বিষয়ে জানো আৰু তোমালোকক শুনা পাওঁ যেতিয়া তোমালোকে কৰ্ম আৰম্ভ কৰা। তোমাৰ প্ৰতিপালকৰ জ্ঞানৰ পৰা আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই অদৃশ্য নহয়। সৰুৱেই হওঁক অথবা ডাঙৰ। প্ৰত্যেকটো বিষয় স্পষ্ট পুথিত লিপিবদ্ধ আছে। এনেকুৱা পুথি য’ত সৰু বৰ সকলো বিষয় লিপিবদ্ধ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক