ছূৰা 10 · জুজ 11
Yunus · 10:59
قُلْ أَرَأَيْتُمْ مَا أَنْزَلَ اللَّهُ لَكُمْ مِنْ رِزْقٍ فَجَعَلْتُمْ مِنْهُ حَرَامًا وَحَلَالًا قُلْ آللَّهُ أَذِنَ لَكُمْ ۖ أَمْ عَلَى اللَّهِ تَفْتَرُونَ
কোৱা, ‘এই বিষয়ে কি কোৱা তোমালোকে, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?
তাফছীৰ
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওঁক যে, আল্লাহে তোমালোকৰ প্ৰতি জীৱিকা অৱতীৰ্ণ কৰি যি উপকাৰ কৰিছে সেই সম্পৰ্কে কোৱাচোন, তাত তোমালোকে নিজৰ ইচ্ছা মতে কিছুমানক হাৰাম কৰিছা আৰু কিছুমানক হালাল কৰিছা। সিহঁতক সোধকঃ তোমালোকে যিবোৰক হালাল কৰিছা সেইবোৰক হালাল কৰাৰ আৰু যিবোৰক হাৰাম কৰিছা সেইবোৰক হাৰাম কৰাৰ আল্লাহে অনুমতি প্ৰদান কৰিছে নেকি? নে তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাই আছা?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক