ছূৰা 10 · জুজ 11

Yunus · 10:58

قُلْ بِفَضْلِ اللَّهِ وَبِرَحْمَتِهِ فَبِذَٰلِكَ فَلْيَفْرَحُوا هُوَ خَيْرٌ مِمَّا يَجْمَعُونَ

কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহত আৰু তেওঁৰ কৃপাত; এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈয়ো এইটো উত্তম।

তাফছীৰ

হে ৰাছুল! আপুনি মানুহক জনাই দিয়ক যে, মই তোমালোকৰ ওচৰত যি কোৰআন আনিছো সেয়া হৈছে তোমালোকৰ বাবে আল্লাহৰ এটা অনুগ্ৰহ আৰু ইয়াৰ জৰিয়তে তেওঁ তোমালোকৰ ওপৰত কৃপা কৰিছে। এতেকে এই কোৰআন অৱতীৰ্ণ কৰি আল্লাহে তোমালোকৰ প্ৰতি যি অনুগ্ৰহ আৰু দয়া কৰিছে তাৰ পৰিপ্ৰেক্ষিতত তোমালোকে আনন্দ প্ৰকাশ কৰা। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ ফালৰ পৰা যি লৈ আহিছে, সেয়া এই ধ্বংসশীল পৃথিৱীৰ সকলো সা-সামগ্ৰীতকৈ উত্তম, যিবোৰ সিহঁতে সঞ্চয় কৰি আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক