ছূৰা 10 · জুজ 11

Yunus · 10:57

يَا أَيُّهَا النَّاسُ قَدْ جَاءَتْكُمْ مَوْعِظَةٌ مِنْ رَبِّكُمْ وَشِفَاءٌ لِمَا فِي الصُّدُورِ وَهُدًى وَرَحْمَةٌ لِلْمُؤْمِنِينَ

হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আহিছে আৰু ই অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক আৰু মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।

তাফছীৰ

হে মানৱজাতি! তোমালোকৰ ওচৰত কোৰআন আহি পৰিছে, য'ত আছে উপদেশ, প্ৰেৰণা আৰু সতৰ্কবাণী। ই অন্তৰত থকা সন্দেহ ও সংশয়মূলক ব্যাধি নিৰ্মূল কৰে, সত্যৰ পথ প্ৰদৰ্শন কৰে। তথা তাত মুমিনসকলৰ বাবে আছে দয়া, কিয়নো তেওঁলোকেই ইয়াৰ পৰা উপকৃত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক