ছূৰা 10 · জুজ 11
Yunus · 10:56
هُوَ يُحْيِي وَيُمِيتُ وَإِلَيْهِ تُرْجَعُونَ
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব।
তাফছীৰ
সেই পৱিত্ৰ সত্ত্বাই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু দান কৰে। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তন কৰিবা। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক