ছূৰা 10 · জুজ 11
Yunus · 10:5
هُوَ الَّذِي جَعَلَ الشَّمْسَ ضِيَاءً وَالْقَمَرَ نُورًا وَقَدَّرَهُ مَنَازِلَ لِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ مَا خَلَقَ اللَّهُ ذَٰلِكَ إِلَّا بِالْحَقِّ ۚ يُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
তাফছীৰ
তেৱেঁই সূৰ্যক দীপ্তিৰ ভাণ্ডাৰ বনাইছে, যিয়ে আলো প্ৰসাৰিত কৰে। আৰু চন্দ্ৰক বনাইছে জ্যোতিৰ্ময়, যাৰ পৰা পোহৰ পোৱা যায়। লগতে চন্দ্ৰৰ বাবে আঠাইছ মঞ্জিল নিৰ্দিষ্ট কৰি তাৰ গতি নিৰ্ধাৰণ কৰিছে। জনা উচিত যে, মঞ্জিলৰ দ্বাৰা সেই নিৰ্দিষ্ট সময়ক বুজোৱা হৈছে, যিটো চন্দ্ৰই অতিক্ৰম কৰিবলৈ এদিন এৰাতি সময় লাগে। হে মানৱজাতি! এইবোৰৰ উদ্দেশ্য হৈছে যাতে তোমালোকে সূৰ্যৰ সহায়ত দিন গণনা কৰিব পাৰা, আনহাতে চন্দ্ৰৰ দ্বাৰা মাহ আৰু বছৰৰ হিচাপ ৰাখিব পাৰা। আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী, লগতে ইয়াৰ মাজত থকা সকলো বস্তু সত্যৰ সৈতে সৃষ্টি কৰিছে। যাতে মানুহক তেওঁৰ ক্ষমতা আৰু মহানতা দৰ্শন কৰাব পাৰে। আল্লাহে তেওঁৰ একত্বৰ এই স্পষ্ট প্ৰমাণ আৰু উজ্জ্বল যুক্তিবোৰক এনেকুৱা লোকৰ বাবে বিস্তাৰিত বৰ্ণনা কৰি আছে, যিসকলে ইয়াৰ দ্বাৰা তেওঁৰ একত্ব প্ৰমাণ কৰিব বিচাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক