ছূৰা 10 · জুজ 11
Yunus · 10:4
إِلَيْهِ مَرْجِعُكُمْ جَمِيعًا ۖ وَعْدَ اللَّهِ حَقًّا ۚ إِنَّهُ يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ لِيَجْزِيَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ بِالْقِسْطِ ۚ وَالَّذِينَ كَفَرُوا لَهُمْ شَرَابٌ مِنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ
তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদানৰ বাবে। আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী অৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফৰী কৰিছিল।
তাফছীৰ
ক্বিয়ামতৰ দিনা তোমালোক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰিব লাগিব, যাতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দিব পাৰে। আল্লাহে মানুহক ইয়াৰ সত্য প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যিটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। নিশ্চয় তেওঁ এয়া কৰিবলৈ সক্ষম। তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টিৰ শুভাৰম্ভ কৰিছে, আৰু তেওঁ মৃত্যুৰ পিছতো পুনৰ্জীৱিত কৰিব, যাতে সেইসকল লোকক ন্যায়ৰ সৈতে প্ৰতিফল প্ৰদান কৰিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁ সিহঁতৰ নেকীও হ্ৰাস নকৰিব আৰু গুনাহো বৃদ্ধি নকৰিব। যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, এই অস্বীকাৰৰ ফল স্বৰূপে সিহঁতৰ বাবে থাকিব উতলা পানী, যি পানীয়ে সিহঁতৰ নাড়ী-ভুঁৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব, তথা সিহঁতৰ বাবে থাকিব কষ্টদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক