ছূৰা 10 · জুজ 11

Yunus · 10:6

إِنَّ فِي اخْتِلَافِ اللَّيْلِ وَالنَّهَارِ وَمَا خَلَقَ اللَّهُ فِي السَّمَاوَاتِ وَالْأَرْضِ لَآيَاتٍ لِقَوْمٍ يَتَّقُونَ

নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে।

তাফছীৰ

নিশ্চয় বান্দাসকলৰ বাবে দিন ৰাতিৰ আৱৰ্তনত আৰু ইয়াৰ ফলত হোৱা অন্ধকাৰ আৰু পোহৰৰ মাজত, লগতে দিন-ৰাতি সৰু ডাঙৰ হোৱাৰ মাজত, আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিৰ মাজত, সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতা দৰ্শোৱামূলক নিদৰ্শন আছে, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক