ছূৰা 10 · জুজ 11
Yunus · 10:41
وَإِنْ كَذَّبُوكَ فَقُلْ لِي عَمَلِي وَلَكُمْ عَمَلُكُمْ ۖ أَنْتُمْ بَرِيئُونَ مِمَّا أَعْمَلُ وَأَنَا بَرِيءٌ مِمَّا تَعْمَلُونَ
আৰু সিহঁতে যদি তোমাৰ প্ৰতি মিছা আৰোপ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কৰো সেই বিষয়ে তোমালোক দায়মুক্ত আৰু তোমালোকে যি কৰা সেই বিষয়ে মই দায়মুক্ত।
তাফছীৰ
হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে যদি আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ মোৰ কৰ্মৰ প্ৰতিদান মই উপভোগ কৰিম আৰু মোৰ কৰ্মৰ দায়িত্ব মই বহন কৰিব লাগিব। আনহাতে তোমালোকৰ কৰ্মৰ প্ৰতিফল তোমালোকৰ বাবে, আৰু ইয়াৰ শাস্তিও তোমালোকেই ভোগ কৰিবা। মই যি কৰি আছো সেই সম্পৰ্কে তোমালোকক সোধ-পোচ কৰা নহ'ব। আনহাতে তোমালোকৰ কৰ্মৰ শাস্তিৰ লগত মোৰ কোনো সম্পৰ্ক নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক