ছূৰা 10 · জুজ 11

Yunus · 10:40

وَمِنْهُمْ مَنْ يُؤْمِنُ بِهِ وَمِنْهُمْ مَنْ لَا يُؤْمِنُ بِهِ ۚ وَرَبُّكَ أَعْلَمُ بِالْمُفْسِدِينَ

আৰু সিহঁতৰ কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে, আৰু তোমাৰ প্ৰতিপালক ফাছাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত।

তাফছীৰ

মুশ্বৰিকসকলৰ মাজৰ কিছুমানে মৃত্যুৰ পূৰ্বে কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিব, কিন্তু আন কিছুমানে অহংকাৰ আৰু স্বৈৰাচাৰীতাৰ ফলত ঈমান পোষণ নকৰিব, অৱশেষত সিহঁত সেই অৱস্থাতে মৃত্যুবৰণ কৰিব। হে ৰাছুল! কুফূুৰীক খামুচী ধৰা লোকসকলক আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে। আৰু সিহঁতক সিহঁতৰ কুফুৰী কাৰ্যৰ প্ৰতিদান অৱশ্যে দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক