ছূৰা 10 · জুজ 11

Yunus · 10:39

بَلْ كَذَّبُوا بِمَا لَمْ يُحِيطُوا بِعِلْمِهِ وَلَمَّا يَأْتِهِمْ تَأْوِيلُهُ ۚ كَذَٰلِكَ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الظَّالِمِينَ

বৰং সিহঁতে যি বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই সেইবোৰ সিহঁতে অস্বীকাৰ কৰিছে, আৰু যাৰ প্ৰকৃত পৰিণতি এতিয়াও সিহঁতৰ ওচৰত আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।

তাফছীৰ

সিহঁতে কোৰআনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল, বৰং বুজা আৰু চিন্তা-চৰ্চা কৰাৰ পূৰ্বেই আৰু যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল সেই শাস্তিৰ অহাৰ পূৰ্বেই সিহঁতে ইয়াক অস্বীকাৰ কৰিবলৈ ততাতৈয়া কৰিছিল। অথচ সেই শাস্তি অহাৰ সময় সন্নিকট হৈ পৰিছিল। ইহঁতৰ দৰেই পূৰ্বৱৰ্তী সম্প্ৰদায়সকলেও অস্বীকাৰ কৰিছিল। ফলত সিহঁতে শাস্তিৰ সন্মুখীন হৈছিল। এতেকে হে ৰাছুল! চিন্তা কৰক, অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শেষ পৰিণতি কেনেকুৱা আছিল? নিশ্চিতৰূপে আল্লাহে সিহঁতক ধ্বংস কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক