ছূৰা 10 · জুজ 11

Yunus · 10:42

وَمِنْهُمْ مَنْ يَسْتَمِعُونَ إِلَيْكَ ۚ أَفَأَنْتَ تُسْمِعُ الصُّمَّ وَلَوْ كَانُوا لَا يَعْقِلُونَ

আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰ বিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়?

তাফছীৰ

হে ৰাছুল! মুশ্বৰিকসকলৰ মাজত কিছুমান এনেকুৱাও আছে, যিসকলে আপুনি যেতিয়া কোৰআন তিলাৱত কৰে তেতিয়া সিহঁতে মনোযোগ সহকাৰে শুনে কিন্তু মানিবলৈ বা পালন কৰাৰ উদ্দেশ্যে নহয়। এতেকে আপুনি তাক শুনাব পাৰিবনে যাৰ পৰা শ্ৰৱণশক্তি কাঢ়ি লোৱা হৈছে? গতিকে আপুনি সিহঁতকো হিদায়তৰ পথ দেখুৱাব নোৱাৰিব, যিসকল সত্য শুনাৰ ক্ষেত্ৰত শ্ৰৱণশক্তিহীন। এতেকে সিহঁতে ইয়াক বুজি নাপায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক