ছূৰা 10 · জুজ 11

Yunus · 10:33

كَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى الَّذِينَ فَسَقُوا أَنَّهُمْ لَا يُؤْمِنُونَ

যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।

তাফছীৰ

হে ৰাছুল! ৰূবূবিয়্যাত সম্পৰ্কে আপোনাৰ প্ৰতিপালকৰ কথা যিদৰে সত্য প্ৰমাণিত হৈছে, ঠিক সেইদৰে যিসকলে সত্যৰ পৰা আঁতৰি গৈছে সিহঁতৰ ক্ষেত্ৰতো ভাগ্য সম্পৰ্কে কৰা তোমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হ'ব যে, সিহঁত কেতিয়াও ঈমান পোষণ নকৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক