ছূৰা 10 · জুজ 11

Yunus · 10:34

قُلْ هَلْ مِنْ شُرَكَائِكُمْ مَنْ يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ ۚ قُلِ اللَّهُ يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ ۖ فَأَنَّىٰ تُؤْفَكُونَ

কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিক অস্তিত্বত আনে আৰু পিছত সেইটোৰ পুনৰাবৃত্তি ঘটায়’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনে আৰু পিছত সেইটোৰ পুনৰাবৃত্তি ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে উভতাই নিয়া হৈছে।

তাফছীৰ

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওক যে, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা সেইবোৰৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ কিবা সৃষ্টি কৰিব পাৰিব, আৰু তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব পাৰিব? সিহঁতক কওঁক যে, একমাত্ৰ আল্লাহেই এই কাম কৰিবলৈ সক্ষম, আৰু তেৱেঁই মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব। তেন্তে হে মুশ্বৰিকসকল! তোমালোক কি সত্যৰ পৰা আঁতৰি যোৱা?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক