ছূৰা 10 · জুজ 11

Yunus · 10:32

فَذَٰلِكُمُ اللَّهُ رَبُّكُمُ الْحَقُّ ۖ فَمَاذَا بَعْدَ الْحَقِّ إِلَّا الضَّلَالُ ۖ فَأَنَّىٰ تُصْرَفُونَ

এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত ৰব। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?

তাফছীৰ

হে মানৱজাতি! যি সত্ত্বায় এই সকলো সম্পাদন কৰি আছে, তেৱেঁই আল্লাহ তোমালোকৰ প্ৰকৃত সৃষ্টিকৰ্তা। তেৱেঁই তোমালোকৰ কৰ্মৰ তত্বাৱধায়ক। এতেকে সত্য জনাৰ পিছত সত্যৰ পৰা আঁতৰি থকা অথবা বিনাশৰ বাহিৰে আন কি থাকিব পাৰে? এতেকে এনেকুৱা স্পষ্ট সত্য ত্যাগ কৰি তোমালোকৰ বিবেক কলৈ গুচি যায়?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক