ছূৰা 10 · জুজ 11
Yunus · 10:31
قُلْ مَنْ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ أَمَّنْ يَمْلِكُ السَّمْعَ وَالْأَبْصَارَ وَمَنْ يُخْرِجُ الْحَيَّ مِنَ الْمَيِّتِ وَيُخْرِجُ الْمَيِّتَ مِنَ الْحَيِّ وَمَنْ يُدَبِّرُ الْأَمْرَ ۚ فَسَيَقُولُونَ اللَّهُ ۚ فَقُلْ أَفَلَا تَتَّقُونَ
কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
তাফছীৰ
হে ৰাছুল! আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা এই লোকসকলক সোধকচোন যে, আকাশৰ পৰা বৰষুণ বৰ্ষাই তোমালোকক কোনে জীৱিকা প্ৰদান কৰে? তথা ভূমিৰ পৰা উদ্ভিদ সৃষ্টি কৰি আৰু মাটিৰ তলত নিহিত থকা খনিজ সম্পদৰ দ্বাৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? কোনে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে? যেনে শুক্ৰাণুৰ পৰা মানুহ আৰু কণীৰ পৰা চৰাই। আৰু কোনে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়? যেনে- জীৱৰ পৰা শুক্ৰাণু আৰু চৰাইৰ পৰা কণী। আকাশমণ্ডল আৰু পৃথিৱী আৰু ইয়াৰ মাজত থকা জীৱৰ সকলো প্ৰয়োজনীয় সা-সামগ্ৰী কোনে যোগান ধৰে? সিহঁতে উত্তৰ দিবঃ এই সকলোবোৰ আল্লাহেই সম্পাদন কৰে। তেতিয়া আপুনি সিহঁতক কৈ দিয়ক যে, তেন্তে তোমালোকে এয়া নাজানা নেকি, আৰু তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক