ছূৰা 10 · জুজ 11

Yunus · 10:18

وَيَعْبُدُونَ مِنْ دُونِ اللَّهِ مَا لَا يَضُرُّهُمْ وَلَا يَنْفَعُهُمْ وَيَقُولُونَ هَٰؤُلَاءِ شُفَعَاؤُنَا عِنْدَ اللَّهِ ۚ قُلْ أَتُنَبِّئُونَ اللَّهَ بِمَا لَا يَعْلَمُ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ

আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰে যিয়ে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে উপকাৰো কৰিব নোৱাৰে; আৰু সিহঁতে কয়, ‘এইবোৰ আল্লাহৰ ওচৰত আমাৰ ছুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশসমূহ আৰু পৃথিৱীৰ এনে কোনো সংবাদ দিয়া নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যাক অংশী স্থাপন কৰে তাৰ পৰা তেওঁ বহু ঊৰ্দ্ধত।

তাফছীৰ

মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মনেসজা উপাস্যৰ উপাসনা কৰে, যিসকলে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। আনহাতে প্ৰকৃত উপাস্য হৈছে তেওঁ, যিয়ে যেতিয়াই ইচ্ছা তেতিয়াই উপকাৰ কৰিব পাৰে আৰু ক্ষতিও কৰিব পাৰে। আৰু সিহঁতে নিজৰ উপাস্যবোৰৰ বিষয়ে কয় যে, সেইবোৰে আল্লাহৰ ওচৰত আমাৰ বাবে মধ্যস্ততা কৰিব। ফলত আল্লাহে আমাক আমাৰ পাপ কৰ্মৰ প্ৰতিফল স্বৰূপে শাস্তি প্ৰদান নকৰিব। হে ৰাছুল! আপুনি সিহঁতক কওক যে, তোমালোকে সৰ্বজ্ঞ আল্লাহক সংবাদ দি আছা নেকি যে, তেওঁৰ অংশী আছে? অথচ আকাশমণ্ডল আৰু পৃথিৱীত তেওঁৰ কোনো অংশী আছে বুলি জনা নাই। মুশ্বৰিকসকলে যিবোৰ অসত্য আৰু মিছা প্ৰচাৰ চলাই আছে তাৰ পৰা আল্লাহ পাক আৰু পৱিত্ৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক