ছূৰা 10 · জুজ 11

Yunus · 10:19

وَمَا كَانَ النَّاسُ إِلَّا أُمَّةً وَاحِدَةً فَاخْتَلَفُوا ۚ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَقُضِيَ بَيْنَهُمْ فِيمَا فِيهِ يَخْتَلِفُونَ

আৰু মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে সিহঁতে যি বিষয়ত মতভেদ কৰে তাৰ মীমাংসা হৈয়ে গ’লেহেঁতেন।

তাফছীৰ

সকলো মানৱ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল, মুমিন আছিল আৰু একত্ববাদী আছিল। কিন্তু পিছত সিহঁতৰ মাজত বিভেদ সৃষ্টি হল। ফলত সিহঁতৰ মাজৰ কিছুমান মুমিন হৈ থাকিল আৰু আন কিছুমান কাফিৰত পৰিণত হ'ল। যদি আল্লাহৰ ফালৰ পৰা এয়া পূৰ্বে নিৰ্দিষ্ট কৰা নাথাকিলহেঁতেন যে তেওঁ মানুহৰ মাজৰ মতানৈক্যৰ ফয়চালা পৃথিৱীত নকৰিব, বৰং সিহঁতৰ মাজৰ মতভেদৰ মীমাংসা ক্বিয়ামতৰ দিনা কৰিব তেন্তে যি বিষয় লৈ সিহঁতে মতভেদ কৰি আছে তাৰ মীমাংসা আল্লাহে পৃথিৱীতেই কৰি দিলেহেঁতেন। ফলত এয়া স্পষ্ট হৈ গলহেঁতেন যে, কোন হিদায়তৰ পথত আছে আৰু কোন পথভ্ৰষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক