ছূৰা 10 · জুজ 11
Yunus · 10:17
فَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِآيَاتِهِ ۚ إِنَّهُ لَا يُفْلِحُ الْمُجْرِمُونَ
এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ’ব নোৱাৰে।
তাফছীৰ
এতেকে সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে। তেন্তে মোৰ পক্ষে এয়া কেনেকৈ সম্ভৱ হ'ব যে, মই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কোৰআন পৰিবৰ্তন কৰিম? প্ৰকৃততে যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি তেওঁৰ সীমালঙ্ঘন কৰে, সিহঁত কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক