ছূৰা 10 · জুজ 11

Yunus · 10:107

وَإِنْ يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ ۖ وَإِنْ يُرِدْكَ بِخَيْرٍ فَلَا رَادَّ لِفَضْلِهِ ۚ يُصِيبُ بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ ۚ وَهُوَ الْغَفُورُ الرَّحِيمُ

আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটো দূৰ কৰিব নোৱাৰে; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহ প্ৰতিহত কৰিবলৈয়ো কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়লু।

তাফছীৰ

হে ৰাছুল! আল্লাহে যদি আপোনাক কোনো বিপদত পেলায়, আৰু আপুনি যদি নিজকে সেই বিপদৰ পৰা উদ্ধাৰ কৰিব বিচাৰে তেন্তে আল্লাহৰ বাহিৰে ইয়াক কোনেও দূৰ কৰিব নোৱাৰিব। এতেকে আল্লাহে যদি আপোনাৰ কল্যাণ বিচাৰে তেন্তে কোনেও তেওঁৰ অনুগ্ৰহক প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ নিজ বান্দাসকলৰ যাক ইচ্ছা কৰে তেওঁৰ অনুগ্ৰহৰ দ্বাৰা সন্মানিত কৰে। এতেকে তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অত্যন্ত ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক