ছূৰা 10 · জুজ 11
Yunus · 10:106
وَلَا تَدْعُ مِنْ دُونِ اللَّهِ مَا لَا يَنْفَعُكَ وَلَا يَضُرُّكَ ۖ فَإِنْ فَعَلْتَ فَإِنَّكَ إِذًا مِنَ الظَّالِمِينَ
আৰু তুমি আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা, যিবোৰে তোমাৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে; আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
তাফছীৰ
হে ৰাছুল! আপুনি আল্লাহৰ বাহিৰে মূৰ্তি আৰু প্ৰতিমাসমূহৰ ওচৰত প্ৰাৰ্থনা নকৰিব, সেইবোৰ কোনো উপকাৰ কৰাৰ অধিকাৰ নাৰাখে যে আপোনাক উপকাৰ কৰিব। আৰু কোনো ক্ষতি কৰাৰো অধিকাৰ নাই যে আপোনাৰ ক্ষতি সাধন কৰিব। যদি আপুনি সেইবোৰৰ উপাসনা কৰে তেন্তে আপুনি অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হব, যিসকলে আল্লাহৰ আৰু নিজৰ অধিকাৰ খৰ্ব কৰি সীমালঙ্ঘন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক