ছূৰা 10 · জুজ 11

Yunus · 10:108

قُلْ يَا أَيُّهَا النَّاسُ قَدْ جَاءَكُمُ الْحَقُّ مِنْ رَبِّكُمْ ۖ فَمَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۖ وَمَا أَنَا عَلَيْكُمْ بِوَكِيلٍ

কোৱা, ‘হে মানৱ! অৱশ্যে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সত্য আহি পাইছে। গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মঙ্গলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ’ব সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হ’ব; আৰু মই তোমালোকৰ ওপৰত কৰ্মবিধায়ক নহয়’।

তাফছীৰ

হে ৰাছুল! আপুনি কৈ দিয়কঃ হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোৰআন আহি পৰিছে। এতেকে যিয়ে সঠিক পথ অৱলম্বন কৰিব আৰু তাৰ প্ৰতি ঈমান পোষণ কৰিব, তাৰ উপকাৰ সি নিজেই লাভ কৰিব। কিয়নো আল্লাহ তাআলা বান্দাসকলৰ আনুগত্যৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে পথভ্ৰষ্টতাৰ পথ অৱলম্বন কৰিব, সেই পথভ্ৰষ্টতাৰ প্ৰভাৱ অকল তাৰ ওপৰতেই পৰিব। কিয়নো বান্দাৰ অবাধ্যতাই আল্লাহৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে। মই তোমালোকৰ কৰ্মৰ নিৰীক্ষক নহয় যে সেইবোৰ মই গণনা কৰিম, আৰু তোমালোকৰ পৰা তাৰ হিচাপ-নিকাচ বিচাৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক