ছূৰা 10 · জুজ 11

Yunus · 10:101

قُلِ انْظُرُوا مَاذَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ وَمَا تُغْنِي الْآيَاتُ وَالنُّذُرُ عَنْ قَوْمٍ لَا يُؤْمِنُونَ

কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা; আৰু যিসকলে ঈমান পোষণ নকৰে, নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন এনেকুৱা সম্প্ৰদায়ৰ কোনো কামত নাহে’।

তাফছীৰ

হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাৰ ওচৰত নিদৰ্শন সম্পৰ্কে প্ৰশ্ন কৰেঃ ভাৱি চোৱাচোন, আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু একত্ববাদ সাব্যস্ত কৰা প্ৰমাণসমূহ কি কি আছে। যিসকলে কুফুৰীত অটল থকাৰ কাৰণে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নহয়, সিহঁতৰ বাবে ৰাছুল প্ৰেৰণ, যুক্তি আৰু আয়াত অৱতীৰ্ণই কোনো উপকাৰ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক